![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ১৬০জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৪৯০০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৬০ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৬০জন কামৰূপ মেট্ৰ’ৰ, ২১জন যোৰহাটৰ, ১২জন লখিমপুৰৰ আৰু ১০জন নগাঁৱৰ।দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬৪ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ৫জন ব্যক্তিৰ৷উল্লেখ্য যে দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৪০জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৩৭ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৪৯৬৯জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৬০৫ জন ৰোগী।












