![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা মডেল ৰাজকন্যা বৰুৱাৰ জিএনআৰচিত চিকিৎসা সেৱাত জড়িত আছিল জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱা। স্নায়ু বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে হাস্পতালৰ চেমি আইচিইউত ভৰ্তি কৰি ৰাখিছিল ৮জনকৈ শ্ৰমিক মহতিয়াই নিয়া মডেলগৰাকীক।
উল্লেখ্য যে দিছপুৰ আৰক্ষীৰ চমন জাৰিৰ পাছতো অসুস্থতাৰ অজুহাত দেখুৱাই আইচিইউত ভৰ্তি হৈ থকা ৰাজকন্যা চিকিৎসা কৰিছিল ডাঃ বৰুৱাই। জিএমচিএইচ মেডিকেল বোৰ্ডে জিএনআৰচি আইচিইউত ভৰ্তি হৈ থকা ৰাজকন্যা স্বাস্থ্য পৰীক্ষা কৰি অসুস্থতা তথ্য লাভ নকৰাত দিছপুৰ আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰিছিল মডেল গৰাকীক।

আনহাতে, অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া চিকিৎসালয়খনৰ বিৰুদ্ধে তদন্ত চলাব আৰক্ষীয়ে ইতিমধ্যে ঘোষণা কৰিছে। স্বাস্থ্য বিভাগেও সমগ্ৰ বিষয়টো তদন্ত কৰা হ’ব বুলি উল্লেখ কৰিছে।












