![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ২৪৬জন কোভিড পজিটিভ।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৪৪৫২৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৪৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৭১জন কামৰূপ মেট্ৰ’ৰ, ২২জন গোলাঘাটৰ, ২১জন যোৰহাটৰ আৰু ১৯জন বৰপেটাৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৫৫ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ৪ জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৭২জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৩১ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬০২৭১২জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৯৭১জন ৰোগী।












