যুৱতী-মহিলাৰ লগতে পুৰুষলৈয়ো টিপছ প্ৰফেচনেল ফেশ্বন ডিজাইনাৰ জিমি দাসৰ
যুগুতালে ‘আছাম টাইমছ্ প’ষ্ট’ৰ সাংবাদিক বনানী শৰ্মাই
ASSAM TIMES POST
যোৱা ছবছৰ ধৰি ফেশ্বন জগতত কাম কৰি অহা নৱ-প্ৰজন্মৰ এগৰাকী ফেশ্বন ডিজাইনাৰ জিমি দাস। তেওঁৰ মতে ফেশ্বন হ’ল ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ পোৱা এজোৰ সাজ। অৱশ্যে ব্যক্তিয়ে পিন্ধা সাজ-পোছাক যে বহুত দামী হ’ব লাগিব তেনে নহয়। তুলনামূলকভাৱে কম দামী সাজ এজোৰেও কেতিয়াবা ব্যক্তিক সুন্দৰ দেখাব পাৰে।
উল্লেখযোগ্য যে ইন্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি, গুৱাহাটীৰপৰা ফেশ্বন সম্পৰ্কীয় আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি জিমি দাসে পৰম্পৰাগত সাজ-পাৰৰ লগতে পৰম্পৰাগত সাজ ফিউজন কৰি পশ্চিমীয়া আৰ্হিৰ সাজ তৈয়াৰ কৰি আহিছে।
তেওঁ প্ৰস্তুত কৰা সাজসমূহত সকলো ধৰণৰ ৰং আৰু ফুলৰ ব্যৱহাৰ কৰে যদিও ৰঙৰ ভিতৰত বগা আৰু ফুলৰ ভিতৰত গামোচাত বুটা বছা ফুলৰ ব্যৱহাৰ বেছিকৈ কৰে।
দৈনন্দিন ব্যস্ত জীৱনসূচীত পুৰুষ-মহিলাৰ লগতে সকলো বয়সৰ লোককে কপাহী সূতাৰ কম ৰং আৰু কম ডিজাইনৰ সাজ এযোৰে সুন্দৰ দেখাৰ লগতে আৰামো প্ৰদান কৰিব বুলি জিমি দাসে জনায়।
এইবেলি দুর্গা পূজা উপলক্ষে জিমি দাসে ফ্ৰক, শাৰী, চেলোৱাৰ আৰু লেহেংগা প্ৰস্তুতত ব্যস্ত আছে। তেওঁ কয় যে পূজাৰ কেইদিনত দিনৰ ভাগত পূজালৈ যাওতে মহিলা আৰু যুৱতীসকলে কম ৰঙৰ অলপ ডিজাইন থকা শাৰী, চেলোৱাৰ পিন্ধি গ’লে ধুনীয়া দেখা যাব লগতে সন্ধিয়া পূজালৈ গ’লে ৰঙীন ফ্ৰক, শাৰী, লেহেংগা আদি পিন্ধি যাব পাৰে।
নিজা ব্যক্তিত্বৰ সৈতে মিলাকৈ পিন্ধা সাজ এজোৰে ব্যক্তিক সুন্দৰ দেখায়। গতিকে পূজাৰ বতৰতো নিজক সুন্দৰকৈ সজাই-পৰাই তুলিবলৈ নিজৰ ব্যক্তিত্বৰ সৈতে মিল থকা সাজ এজোৰ সুন্দৰকৈ পিন্ধি পূজালৈ যাব পাৰে বুলি তেওঁ কয়।