
এইবাৰ পূৰ্বৰ সময়ত অনুষ্ঠিত নহ’ব মেট্ৰিক অৰ্থাৎ দশম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। কিয়নো ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চলিত শিক্ষাবৰ্ষৰ বাবে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ দিন বৃদ্ধি কৰিছে৷ অসম বিদ্যালয় শিক্ষা পৰিষদৰ জাননী অনুসৰি, এইবাৰ দশম শ্ৰেণীৰ পাঠদান ২০২৭ বৰ্ষৰ ২২ ফেব্ৰুৱাৰী দ্বাদশ শ্ৰেণীৰ পাঠদান ৮ মাৰ্চলৈ অব্যাহত থাকিব৷ ফলত এই দুয়োটা শ্ৰেণীৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দিন পিছুৱাই যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷
শিক্ষা বিভাগৰ জাননী শ্বেয়াৰ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education minister Ranoj Pegu) সামাজিক মাধ্যমযোগে এই তথ্য সদৰী কৰে৷ শেহতীয়াভাৱে উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটকে ধৰি কেইবাখনো জিলাত হোৱা ভয়াৱহ বান পৰিস্থিতি আৰু লোকপিয়লৰ কাম চলি থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰে৷

তেওঁ কয় যে শেহতীয়া বানে কেইখনমান জিলাত সৃষ্টি কৰা ব্যাঘাত আৰু চলি থকা লোকপিয়লৰ কাম-কাজৰ পৰিপ্ৰেক্ষিতত দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২২ ফেব্ৰুৱাৰী, ২০২৭লৈ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ৮ মাৰ্চ, ২০২৭লৈ অব্যাহত থাকিব। সেই অনুসৰি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰা হ’ব।
আনহাতে, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননীখনত কোৱা হৈছে যে শেহতীয়াকৈ কিছুমান জিলাত হোৱা ভয়াৱহ বান আৰু ৰাজ্যত চলি থকা লোকপিয়লৰ কামৰ বাবে ২০২৭ চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহ আৰু ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ক্ৰমে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম সম্পূৰ্ণ নোহোৱাৰ সম্ভাৱনা অতিশয় বেছি। সেয়ে এই কথা সংশ্লিষ্ট সকলো পক্ষকে অৱগত কৰোৱা হৈছে। আনহাতে, পাঠ্যক্ৰম শেষ হোৱাৰ পিছত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰা হ’ব বুলি জাননীখনত উল্লেখ কৰা হৈছে।













