![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৪৯৯গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭১৬৩৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৯৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৩৩জন কামৰূপ মেট্ৰ’ৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৭০ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হৈছে ৮ জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থৰ হাৰ ৯৮.০৪ শতাংশ।












