![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মহানগৰী পানবজাৰৰ পৰা শীঘ্ৰে স্থানান্তৰ হ’ব কামৰূপ মহানগৰৰ উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত জিলা উপায়ুক্ত কাৰ্যালয়, আৰক্ষী আয়ুক্ত কাৰ্যালয় স্থানান্তৰ কৰাৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে, ৰূপনগৰত কামৰূপ(ম) জিলাৰ উপায়ুক্ত কাৰ্যালয় নিৰ্মাণ কৰা বিপৰীতে খানাপাৰাত নিৰ্মাণ হ’ব আৰক্ষী আয়ুক্ত কাৰ্যালয়।

প্ৰথম পয্যায়ত চলিত বৰ্ষত ৰাজ্য ১০টা উপায়ুক্ত কাৰ্যালয় নতুনলৈ নিৰ্মাণ কৰিব বুলিও জানিব দিয়ে মুখ্যমন্ত্ৰীয়ে। আগন্তক তিনি বছৰৰ ভিতৰত নিৰ্মাণ সম্পূণ কৰা লক্ষ্য। ১০ বিঘা মাটি সামৰি ৰাজহ চক্ৰ কাৰ্যালয় আৰু উপায়ুক্ত কাৰ্যালয় নিৰ্মাণ হ’ব।













