![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৫৬৪ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৯১,৭৭৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৬৪ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
শুক্ৰবাৰৰ দিনটোত কামৰূপ মহানগৰত সৰ্বাধিক ১২২ গৰাকী, গোলাঘাটত ৫১ গৰাকী, দৰংত ২৯ গৰাকী, শোণিতপুৰত ২৯ গৰাকী ব্যক্তিৰ দেহত ক’ৰোনা সংক্ৰমণ হৈছে।শুক্ৰবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬১ শতাংশ।
আনহাতে,শুক্ৰবাৰৰ দিনটোত মৃত্যু হৈছে ৬ জন ব্যক্তিৰ৷উল্লেখ্য যে শুক্ৰবাৰৰ দিনটোত ৰাজ্যত সুস্থৰ হাৰ ৯৭.৯৪ শতাংশ।












