![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
উজানবজাৰৰ লোমহৰ্ষক হত্যাকাণ্ড হত্যাকাৰী আৰক্ষী জালত। আসিক গুপ্তাই হত্যা কৰিছিল ভগ্নী ডিম্পল কুমাৱতক। আৰক্ষী আগত স্বীকাৰ হত্যাকাৰী আসিকৰ। ১৪ বছৰীয়াৰ কিশোৰীগৰাকীৰ মোবাইল উদ্ধাৰ হৈছে হত্যাকাৰী আসিক বন্ধু চিন্টু দাসৰ ঘৰত। আসিকৰ স্বীকাৰ উক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মোবাইলটো।
উল্লেখ যে হত্যাকাৰী আসিক গুপ্তা আছিল ডিম্পল জেঠায়েকৰ পুত্ৰ তথা ককায়েক। ডিম্পলৰ লগত বাক-বিতণ্ডা হৈছিল আৰু তাৰ পাছতে হত্যা কৰা বুলি আৰক্ষী আগত স্বীকাৰ আসিকৰ। ইফালে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত হত্যাকাৰীতো ওপৰত।
গুৰুত্বপূৰ্ণ কথা যে বুধবাৰে দিন-দুপৰতে অতি নিৰ্মমভাৱে হত্যা কৰিছিল ডিম্পলক।













