![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
উজানবজাৰ ১৪ বছৰীয়া কিশোৰী হত্যাৰে জড়িত সন্দেহত ৩ জনক আটক লতাশিল আৰক্ষীৰ। সোধা-পোচৰ বাবে আটক কিশোৰীগৰাকী জেঠায়েকৰ পুত্ৰ আছিফ গুপ্তাসহ দুই বন্ধু জিতু শৰ্মা আৰু কৰণ। ঘটনাৰ সংঘটিত ২৪ ঘন্টা পাছতো আৰক্ষী তথা তদন্তকাৰী দলে চিনাক্ত কৰিব পৰা নাই হত্যাকাৰীক।
উল্লেখ যে বুধবাৰে দিন-দুপৰতে ঘৰত কোনো নথকা অৱস্থা হত্যা কৰিছিল সপ্তম শ্রেণীত অধ্যয়ণ কিশোৰী ডিম্পলক। অতি নিৰ্মমভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই।
ৰাজস্থানত ঘৰ আছিল কিশোৰীগৰাকীৰ। পিতৃ-মাতৃৰ সৈতে ভাড়া ঘৰত বিগত ১০ বছৰ আছিল গুৱাহাটীত।

আনহাতে, আৰক্ষীয়ে হত্যাকাৰীক বিচাৰি তদন্ত অব্যাহত ৰাখিছে। কম সময়ৰ ভিতৰতে হত্যাকাৰীক চিনাক্ত কৰিব পৰা যাব বুলিও কয় আৰক্ষীয়ে।
ইফালে বৃহস্পতিবাৰে ডিম্পলৰ নশ্বৰ দেহ অনা হয় উজানবজাৰ ভাড়া ঘৰলৈ। শোকাকুল পৰিৱেশত কন্যাক শেষবাৰৰ বাবে চালে পিতৃ -মাতৃয়ে।













