![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৫৭০ গৰাকী ব্যক্তিৰ দেহত ক’ভিড–১৯ পজিটিভ চিনাক্ত হৈছে।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৮৮৫১৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৭০ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৩১ জন কামৰূপ মেট্ৰ’ৰ।মঙ্গলবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬৪ শতাংশ।
আনহাতে,মঙ্গলবাৰৰ দিনটোত মৃত্যু হৈছে ৫ জন ব্যক্তিৰ৷উল্লেখ্য যে মঙ্গলবাৰৰ দিনটোত ৰাজ্যত সুস্থৰ হাৰ ৯৭.৮৭ শতাংশ।












