![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৫৩৮গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে৷যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭৯১৪০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৩৮ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১০৩জন কামৰূপ মেট্ৰ’ৰ, ৩৭জন যোৰহাটৰ, ৩৪জন গোলাঘাটৰ আৰু ৩৩জন তিনিচুকীয়াৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬৮ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ১৫জন ব্যক্তিৰ৷উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৬১২জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.৮৬ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৮৮৮৫৬জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫৬১৩জন ৰোগী।












