![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৮৪৭৮৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৮৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১২৩ জন কামৰূপ মেট্ৰ’ৰ, ৭১জন গোলাঘাটৰ, ৩৬জন বৰপেটাৰ আৰু ৩৬জন যোৰহাটৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬৯ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ৯ জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৬৭৫জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.৭৮ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৮৮০২৫জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৬০৮৭জন ৰোগী।












