![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-9ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৯০৫৪৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬৮৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১২২জন কামৰূপ মেট্ৰ’ৰ, ৫৩জন বৰপেটাৰ, ৫০জন যোৰহাটৰ আৰু ৪৭জন কামৰূপ গ্ৰাম্যৰ। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৭৬শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৭ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৬৮১জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.৬৮ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৮৬৩৭৮ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৬৬৫৯জন ৰোগী।












