নিউজ ডেস্কঃ
টকিঅ অলিম্পিকৰ ফাইনেলত স্বৰ্ণ জয়ৰ স্বপ্ন পূৰণৰ বাবে প্রস্তুত হৈছে নীৰজ চোপ্ৰা। হাতত তুলি ল’বলৈ আগবাঢ়ি যায় জেভলিনডাল। কিন্তু নাই, ক’তো সন্ধান নাই জেভলিনডালৰ। হঠাৎ দেখে সেইডাল লৈ গৈছে পাকিস্তানৰ প্রতিপক্ষ আৰশাদ নাদিমে।
এক সংবাদ-পত্রক দিয়া সাক্ষাৎকাৰত নীৰজে কয়, “ফাইনেল আৰম্ভণিৰ পূৰ্বে জেভলিনডাল বিচাৰি পোৱা নাছিলোঁ। হঠাৎ দেখো সেইডাল লৈ গৈছে পাকিস্তানৰ নাদিমে। লগে লগে তেওঁৰ ওচৰলৈ গৈ কওঁ, ‘ভাই জেভলিনডাল দিয়া। এইডাল মোৰ। দলিয়াব লাগিব।’ তেতিয়া তেওঁ ঘূৰাই দিয়ে।”
সেইবাবে প্রথম থ্র’ৰ সময়ত পলম হয় নীৰজৰ। তাৰাতাৰিকৈ আহি থ্র’ কৰে ভাৰতৰ স্বৰ্ণজয়ী এথলিটজনে।