![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৫৫৮০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৩৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৮৭জন কামৰূপ মেট্ৰ’ৰ, ২২জন গোলাঘাটৰ, ১৬জন কামৰূপ গ্ৰাম্যৰ আৰু ১৬জন নলবাৰীৰ। দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৯৪ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ১০ জন ব্যক্তিৰ৷উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৫৩৯জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.৬৭ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৮৪৪৩৪জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৬৬৬৪ জন ৰোগী।












