![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৮২৭২৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬৪০ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১২৬জন কামৰূপ মেট্ৰ’ৰ, ৫০জন গোলাঘাটৰ, ৩৯জন বৰপেটাৰ আৰু ৩৫জন ডিব্ৰুগড়ৰ। শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৭৭ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ১৫ জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৬৫৮জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.৬৪ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৮৪০৯৮ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৬৮৭৭জন ৰোগী।












