![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মোডী চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বলৈ প্ৰথমবাৰ বাবে অসমত উপস্থিত ৰাজ্য প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱাল। গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত বিজেপি কর্মী-সমৰ্থকে ঢোলে-দগৰে আদৰণি জনাই সোণোৱালক।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ফুল থোপাৰে বিমানবন্দৰত আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক।

উল্লেখ নে মোডীমন্ত্ৰী সভাত বন্দৰ, জাহাজ, জলপৰিবহন লগতে আয়ুস মন্ত্ৰণালয় কেবিনেট মন্ত্ৰী দায়িত্ব লৈছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক লৈ ৰাজ্যিক বিজেপিয়ে শনিবাৰৰ পৰা আৰ্শীবাদ যাত্ৰা আৰম্ভ কৰিছে। সোণোৱালৰ সৈতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত আছে। বৰঝাৰ বিমানবন্দৰ পৰাই সোণোৱালৰ উপস্থিতিত ৰাজ্যিক বিজেপিয়ে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে।












