![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা প্ৰতিৰোধৰ বাবে বন্ধ থকা দূৰণিবটীয়া বাছসেৱাত জড়িত চালক-হেণ্ডিমেনলৈ ভাল খবৰ। ৰাজ্য চৰকাৰে চালক-হেণ্ডিমেনৰ বাবে ঘোষণা কৰিলে আৰ্থিক সাহায্য। শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰে এই কথা।
খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষে সম্বোধন কৰা গুৰুত্বপূৰ্ণ সংবাদমেলত শৰ্মাই কয়- ক’ৰনাত ক্ষতিগ্ৰস্ত বাছ চালক-হেণ্ডিমেনক ১০ হাজাৰ টকাকৈ সাহাৰ্য প্ৰদান কৰিব চৰকাৰে। পৰিবহন বিভাগে ইয়াৰ বাবে মুকলি কৰিব পৰ্টেল। তাত কৰিব লাগিব আৱেদন।
উল্লেখ যে ৰাজ্যৰ ৬০ হাজাৰ লোক ইয়াৰ পৰা উপকৃত হ’ব বুলিও ডঃ শৰ্মাই কয়। গুৰুত্বপূৰ্ণ আন্তঃজিলা যাতায়তৰ লগত জড়িত চালক-হেণ্ডিমেনেহে লাভ কৰিব এই সাহায্য।
ক’ৰনা বাবে যোৱা এপ্ৰিল মাহৰ পৰা বন্ধ হৈ আছে আন্তঃজিলা যাতায়ত। শেহতীয়াভাৱে চালক- হেণ্ডিমেনসকলে আন্তঃজিলা যাতায়ত মুকলি বাবে চৰকাৰক আহ্বান জনাই আহিছিল। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা।












