![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৮৩২৮২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬৩৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১০৯জন কামৰূপ মেট্ৰ’ৰ, ৬৫জন বৰপেটাৰ, ৪০জন গোলাঘাটৰ আৰু ৩৩জন ডিব্ৰুগড়ৰ। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৭৭ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৬৫জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১০২৪জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.৬১ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৮২০৩৭জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৭০২৫ জন ৰোগী।












