![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৭৫৮ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১০৫৮১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৭৫৮ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৬৩জন কামৰূপ মেট্ৰ’ৰ, ৪৯জন বৰপেটাৰ, ৪৯জন লখিমপুৰৰ আৰু ৪৫জন নলবাৰীৰ।সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬৯ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ১০ জন ব্যক্তিৰ৷উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১০১৪জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.৪৯ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৮০৬৫৭জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৭৭০৭জন ৰোগী।












