![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,০৭,৪৭৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৭৫৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হৈছে কামৰূপ মেট্ৰ’ জিলাত। জিলাখনত শনিবাৰে কোভিডত আক্ৰান্ত হৈছে ১২৪ গৰাকী ব্যক্তি। আনহাতে বৰপেটাত ৭০ গৰাকী, যোৰহাটত ৪৭ গৰাকী, গোলাঘাটত ৪১ গৰাকী নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৭০ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ১১ জন ব্যক্তিৰ৷ নলবাৰতী ৩ জন, বৰপেটা, চৰাইদেউ, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, শিৱসাগৰত এজনৈ লোকৰ মৃত্যু হৈছে।মৃত্যুৰ হাৰ ০.৯৫ শতাংশ।
উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৯৬৯জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.৩৭ শতাংশ।আনহাতে,ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৮৪২৯ জন ৰোগী।












