![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১১৭২৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৯৩৫ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৬৩জন কামৰূপ মেট্ৰ’ৰ, ৮১জন বৰপেটাৰ, ৫৯জন গোলাঘাটৰ, ৫৮জন যোৰহাটৰ।বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮৪ শতাংশ।
আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ১৭ জন ব্যক্তিৰ৷উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৩১০জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.২৫ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৭৭৯৭০জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৯০৮০জন ৰোগী।












