
দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক (twelfth grade female student) মাচুল (Fees) দিব নোৱৰাৰ বাবে হাৰাশাস্তি (Allegation of harassment) কৰাৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে (Against the school authorities)। সেই অপমান সহ্য কৰিব নোৱাৰি ছাত্ৰীগৰাকীয়ে আত্মহত্যা (Suicide) কৰে। মৃত্যুৰ পূৰ্বে ভিডিঅ’ মেছেজযোগে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰে। পঞ্জাবৰ অমৃতসৰত (Amritsar of Punjab) সংঘটিত হৈছে এই ঘটনা।
আৰক্ষী আয়ুক্ত গুৰপ্ৰীত সিং ভুলাৰে কয় যে এটা ভিডিঅ’ ভাইৰেল হৈছিল। ভিডিঅ’টো আৰক্ষীৰ হাতলৈ অহাৰ লগে লগে আৰক্ষীয়ে স্বতঃপ্ৰণোদিতভাৱে গোচৰ ৰুজু কৰে। ইয়াৰ পিছতে তদন্ত আৰম্ভ হয়। আৰক্ষীয়ে জনোৱা মতে, মৃত ছাত্ৰীগৰাকীৰ নাম অমজ্যোত কৌৰ (Amjoyot Kaur)। মামৰবাৰীত বাস কৰিছিল ছাত্ৰীগৰাকী। তেওঁ তাৰ পৰাই পঢ়া-শুনা কৰিছিল। ২২ মে’ত উদ্ধাৰ হয় অমজ্যোতৰ মৃতদেহ। প্ৰথম সন্দেহ হৈছে যে অমজ্যোতে বিষাক্ত বস্তু সেৱন কৰি আত্মহত্যা কৰিছিল।

সংকটজনক অৱস্থাত অমজ্যোতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মৃত্যুৰ পূৰ্বে চিকিৎসালয়ৰ বিছনাত এটা ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। তাত এনে পৰিস্থিতিৰ কথা উল্লেখ কৰা হৈছিল যিয়ে তেওঁক এই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছিল। ছাত্ৰীগৰাকীয়ে তেওঁৰ মৃত্যুৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক জগৰীয়া কৰে। পৰিয়ালে বিদ্যালয়ৰ মাচুল দিব নোৱৰাৰ অভিযোগ উত্থাপন কৰে তেওঁ। তেওঁৰ দিবলগীয়া মাচুল আছিল ২০ হাজাৰ টকা। বিদ্যালয় কৰ্তৃপক্ষই বাৰে বাৰে তেওঁক বাকী থকা ধন আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। গতিকে তেওঁৰ হাতত আন কোনো বিকল্প নাছিল। আৰক্ষীয়ে জনোৱা মতে, ভিডিঅ’টো তেওঁলোকৰ ওচৰ পোৱাৰ লগে লগে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হয়।
ৰাজ্যিক মন্ত্ৰী হৰজ্যোৎ সিং বেইনছে এই ঘটনাক অতি হতাশাজনক বুলি অভিহিত কৰে। তেওঁ কয় যে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত এফআইআৰ ৰুজু কৰা হৈছে।











