![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী শংকৰদেৱ কলাক্ষেত্রত অসম চৰকাৰে সম্বৰ্ধনা জনালে অলিম্পিক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ হৈ সম্বৰ্ধনা জনাই অসম কন্যা গৰাকীক।
আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি বক্সাৰ লাভলীনাই অসমবাসীক ধন্যবাদ জনাই। সোণৰ পদক জয় কৰিব নোৱাৰা বাবে ক্ষমা বিচাৰে বক্সা গৰাকীয়ে। খালি হাতেৰে নাহি, দেশৰ বাবে পদক জয় কৰি মই সুখী- লাভলীনাই কয়।
‘অসমবাসীৰ প্ৰাৰ্থনা-আশীৰ্বাদত বক্সিং ৰিঙত সাহস পাইছিলোঁ। পদক আনিব নোৱাৰিম বুলি মই ভবা নাছিলো। ২০২৪ চনৰ পেৰিচ অলিম্পিকত সোণৰ পদক আনিম অসমবাসীক কথা দিছোঁ’- এইদৰে কয় বক্সাৰগৰাকীয়ে।
উল্লেখ বৃহস্পতিবাৰে পুৱা দিল্লী পৰা অসমত উপস্থিত হয় অসম কন্যা গৰাকী।













