![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০১৬৬৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৮৮৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৬১জন কামৰূপ মেট্ৰ’ৰ, ৭২জন বৰপেটাৰ, ৫০জন গোলাঘাটৰ আৰু কামৰূপ গ্ৰাম্যৰ ৪৬জন। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮৭ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ১৪ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১০৯৮জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.১৮ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৭৭০৩৬জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৯৪৭২জন ৰোগী।












