![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৪১৫২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৯২৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৫৫জন কামৰূপ মেট্ৰ’ৰ, ৮৫জন লখিমপুৰৰ, ৫৪জন বৰপেটাৰ আৰু ৫১জন গোলাঘাটৰ। মঙলবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮১ শতাংশ।
আনহাতে,মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ১৫ জন ব্যক্তিৰ৷উল্লেখ্য যে মঙলবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৯৬৪ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.১৪ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৭৬১৪৯জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৯৬৯৮ জন ৰোগী।












