![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৮৯০২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৯৮৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৫৯জন কামৰূপ মেট্ৰ’ৰ, ৬৯জন বৰপেটাৰ, ৬৫জন নলবাৰীৰ আৰু ৫৪জন গোলাঘাটৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮৩ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ১৫ জন ব্যক্তিৰ৷ উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১০৫৭ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৭.০৪ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৭৩৫৩২জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১০২৮৬জন ৰোগী।












