ছাইদুল ইছলাম
ডিফু : কাৰ্বি আংলং জিলাৰ বনবিভাগৰ পশ্চিম বন সংমণ্ডলৰ ফৰেষ্ট গাৰ্ড হিচাপে কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ কৰ্মকাণ্ডই আজি ডিফু চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিভাগটোৰ মঙল চিং ক্ৰ’নামৰ ফৰেষ্ট গাৰ্ডগৰাকীয়ে নিজকে বনবিভাগৰ ডেপুটি ৰেঞ্জাৰ সাজি ডিফুৰ আমোলাপট্টিত বিভিন্ন বাহনত তালাচী চলাই ধনদাবী কৰি থকা অৱস্থাতে শুকুৰবাৰে আৰক্ষীয়ে হাতে-লোটে ধৰিবলৈ সক্ষম হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি মঙল চিং ক্ৰ’ নামৰ ফৰেষ্ট গাৰ্ডজনে শুকুৰবাৰে কাৰবি ছিকিউৰিটি ছাৰ্ভিছৰ দুগৰাকী কৰ্মচাৰী ক্ৰমে গৌতম ৰংপি আৰু ছিং ফাংচ’ক সম্পূৰ্ণৰূপে ইউনিফৰ্ম পিন্ধোৱাই লগতলৈ ডিফুৰ আমোলাপট্টিৰ বিভিন্ন বাহনত তালাচী চলাই আছিল ৷ কেৱল ইমানেই নহয়, দলটোৱে বিভিন্ন বাহনত প্ৰয়োজনীয় নথি-পত্ৰ নথকাৰ অভাৱত ধনো সংগ্ৰহ কৰিছিল ৷
ইফালে তিনি দুৰ্বৃত্তৰ এনে কাৰ্যই এলেকাটোত প্ৰতিক্ৰিয়া সৃষ্টি কৰাত ডিফু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তিনিওকে ডিফু থানালৈ আনি সোধ-পোছ আৰম্ভ কৰে ৷ আৰক্ষীৰ জেৰাত ডেপুটি ৰেঞ্জাৰৰ ৰূপলৈ ধনদাবী কৰা মঙলচিং ক্ৰ’ এগৰাকী ফৰেষ্ট গাৰ্ড বুলি আৰক্ষী নিশ্চিত হয় ৷ আৰক্ষীয়ে তিনি ভুৱা বনবিষয়াক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ২০৫/২০২১ নম্বৰত ডিফু থানাত এক গোছৰো ৰুজো কৰিছে ৷