![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটীৰ সুৰাপায়ীৰ বাবে ভাল খবৰ। অনলাইন জৰিয়তে হোম ডেলিভাৰী হ’ব সুৰা। পৰীক্ষামূলকভাৱে এমাহলৈ হোম ডেলিভাৰীৰ সিদ্ধান্ত হিমন্ত কেবিনেটৰ।
উচ্চতম ন্যায়ালয় আৰু মাদ্ৰাছা উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি গুৱাহাটীত এমাহৰ বাবে হোম ডেলিভাৰীৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। কেবিনেট মুখপাত্ৰ কেশৱ মহন্ত, পিযুষ হাজৰিকাই যৌথভাৱে সংবাদমেলত ঘোষণা কৰে এই কথা।
উল্লেখ যে ক’ৰনা পৰিস্থিতি নিয়ন্ত্ৰণ কৰা বাবে আবেলি সুৰা দোকানত গ্ৰাহকৰ যাতে ভিৰ নহয় তাৰ বাবে হোম ডেলিভাৰী সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব দিয়ে।
ইফালে হোম ডেলিভাৰী কিদৰে হ’ব তাৰ সম্পূৰ্ন নীতি-নিৰ্দেশনা আৱকাৰী বিভাগক প্ৰস্তুত কৰা নির্দেশ প্ৰদান কৰিছে কেবিনেটে।অনলাইন বুকিং বাবে আৱকাৰী বিভাগে কৰিব ব্যৱস্থা।













