![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী পল্টন বজাৰ কালিবাৰী বাসগৃহৰ পৰা অপহৰণ হোৱা অজিত দাসক সোমবাৰে পুৱতী নিশা জাগিৰোডৰ এক দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয়। মহানগৰ আৰক্ষী আৰু অপৰাধ শাখা অভিযানত পাহাৰীয়া দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰে দাসক৷
ইফালে উদ্ধাৰৰ পাছতে আৰক্ষীৰ জালত পৰিছে দাসক অপহৰণ কৰা অপহৰণকাৰীক।
আৰক্ষীয়ে ফাঁচীবজাৰ থানাৰ আৰক্ষীৰ জোৱান ৰাজ বাবু সিং, বনৰক্ষী বেটেলিয়ানৰ হাবিলদাৰ জিতেন বাইলুং, গৃহৰক্ষী সুৰুজ পাটৰ আৰু ফাৰ্মাচিষ্ট মনেশ্বৰ দাসক গ্ৰেপ্তাক কৰিছে।
উল্লেখ যে অপহৰণৰ সময়ত ৫টা অপহৰণকাৰীয়ে দাসৰ ঘৰত আৰক্ষীৰ পোছাকত প্ৰৱেশ কৰিছিল। পত্নী, বায়েকৰ সন্মুখতে শোৱনি কোঠাৰ পৰা অপহৰণ কৰি নিছিল দাসক।
ইফালে দাসক মুক্তিৰ বাবে ২০লাখ টকা দাবী কৰিছিল পৰিয়ালক।
আনহাতে, কি কাৰণত আৰক্ষীৰ লোক অপহৰণত জড়িত হ’ব লগা হ’ল সেইয়া বর্তমানো ৰহস্য মাজত । গ্ৰেপ্তাৰ হোৱা অপহৰণকাৰীক কেইটাক পাণবজাৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।













