![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট ঘটনা সংঘটিত হৈছে। প্ৰায় ১২ বাজি ৩০ মিনিটত খ্ৰীষ্টানবস্তিস্থিত এক্সিচ বেংকৰ পৰা দ্যা কুমাৰ এণ্ড চেলছ নামৰ প্ৰতিষ্ঠানটোৰ ধন নিবলৈ আহিছে উক্ত প্ৰতিষ্ঠানটোৰেই এগৰাকী কৰ্মচাৰী দীনেশ সিঙে। চাৰি লাখ টকা লৈ চাইকেলেৰে নিজৰ প্ৰতিষ্ঠানটোলৈ উভতি গৈ থাকোতে প্ৰতিষ্ঠানটোৰ চৌহদত সোমাবলৈ লওঁতেই তেওঁৰ পৰা টকাখিনি কাঢ়ি নিয়ে কোনো দুৰ্বৃত্তই।
পলিথিৰ বেগেৰে মেৰিয়াই ৰখা আছিল টকাখিনি। দুৰ্বৃত্তই টকাখিনি কাঢ়ি নিয়া পিছতেই কৰ্মচাৰী দীনেশে চিঞৰ-বাখৰ কৰে আৰু পৰৱৰ্তী সময়ত ভঙাগড় আৰক্ষীৰ কাষ চাপে।
আৰক্ষীয়েও তীক্ষ্ণভাৱে বিশ্লেষণ কৰিছে CCTV visual ৷ উল্লেখযোগ্য কথা এয়াই যে, চিচি টিভি ভিজুৱেলত উক্ত কৰ্মচাৰীজনৰ ভুল প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে ৷
এবছৰ পূৰ্বেও, ২৬ জুনৰ এই AXIS বেংকটোৰ ভিতৰৰ পৰাই দুৰ্বৃত্তই কাঢ়ি নিছিল ৪ লাখ ৪৪ হাজাৰ টকা ৷ দুৰ্ভাগ্যৰ বিষয় সেই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰে জড়িত এজনো ডকাইতক আজিও জালত পেলাব নোৱাৰিলে আৰক্ষীয়ে ৷ কিন্তু, প্ৰশ্ন উঠিছে কিয় টাৰ্গেট হৈছে খীষ্টানবস্তিৰ AXIS বেংক ? আৰক্ষীৰ আশ্বাস অচিৰে জালত পেলাবলৈ সক্ষম হ’ব দিন দুপৰতে GS ৰোডত লুটপাত চলোৱা দুৰ্বৃত্তৰ দলক।













