![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মাতৃ ৰূপম কুৰ্মী কংগ্ৰেছী হোৱা বাবে কংগ্ৰেছৰ গৰ্ভত মই জন্ম হৈছিলোঁ। চাৰিবাৰকৈ বিধায়ক কৰোৱা বাবে মৰিয়নিবাসীলৈ মনত পৰিছে। সমষ্টিবাসীৰ বিশ্বাস-মৰম নাপাহৰো। মৰিয়নি সমষ্টিৰ উন্নয়ন বাট যাতে স্তব্ধ নহয় তাৰ বাবে বিজেপিত যোগদান কৰা সিদ্ধান্ত লোৱা বুলি জানিব দিয়ে ৰূপজ্যোতি কুর্মীয়ে।
শুকুৰবাৰে কংগ্ৰেছ দল ত্যাগ কৰি কুর্মীয়ে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটি নেতৃত্বৰ দুৰ্বলতাৰ বাবে সাংগঠনিক ভেঁটি দুৰ্বল হৈছে দলটোৰ। তৃণমূল কর্মীৰ কণ্ঠ শুনিব নিবিচাৰে। যাৰ ফলত ভেঁটি দুৰ্বল হৈছে দলৰ।
‘কংগ্রেছ দলত চাহ জনগোষ্ঠীৰ যুৱ নেতাৰূপে মোক গুৰুত্বহীন কৰিছে। যুৱ নেতৃত্বক আগবাঢ়িব নিদিয়ে কংগ্ৰেছৰ নেতৃত্বই। চাহ জনগোষ্ঠী আৰু সৰু জনগোষ্ঠী নেতাৰ কণ্ঠ নুশুনে কংগ্ৰেছ শীর্ষ নেতৃত্বই’- এই গুৰুত্ব অভিযোগ উত্থাপন কৰে কুর্মীয়ে।
প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত সৰৱ হৈ কুৰ্মীয়ে কয়- নির্বাচনৰ বিপৰ্যৰ পিছত কংগ্ৰেছে দলটোক সুস্থিৰ ভাৱে চলাই নিবলৈ চেষ্টা কৰিব লাগিছিল, কিন্তু সেইয়া নকৰিলে। বিৰোধী দলপতি দায়িত্ব বাবে ৪ বাৰ বিধায়কৰূপে উপযুক্ত আছিলোঁ। তাৰ বাবে সাক্ষাৎকাৰো গ্ৰহণ কৰিছিল। বিৰোধি দলপতি মোক দিম বুলি কৈয়ো নিদিলে। পৰৱৰ্তী সময়ত খালি হৈ থকা প্ৰদেশ কংগ্রেছৰ সভাপতি পদ দাবী কৰিলোঁ সেইয়াও নিদিলে। শেষত পাব্লিক একাউন্ট কমিটিটো মোক কোনো পদবী নিদিলে। নিৰ্দিষ্ট এটা ধৰ্মীয় লোকক কংগ্ৰেছ দলে প্ৰাধান্য দিয়াৰ দেখা গৈছোঁ বুলিও কুর্মীয়ে কয়।
প্ৰদেশ কংগ্ৰেছত এজন মানুহে দুই-তিনিটা পদবী পায়। দলৰ বিপৰ্য পিছত সভাপতিয়ে পদত্যাগ কৰি ফুৰিবলৈ গুচি নগৈ আকৌ খামুচ মাৰি সভাপতি আসনখন ধৰি ৰখা কি কাৰণ থাকিব পাৰে বুলি প্ৰশ্ন কৰি বিধায়ক কুৰ্মীয়ে কয়- ৰিপুন বৰা, ৰকিবুল হুছেইনে কংগ্ৰেছক শেষ কৰিলে।
আনহাতে, পদত্যাগ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা একমহীয়াৰ চৰকাৰৰ কৰ্মসূচীক প্ৰশংসাৰে উপচায় পেলাই। ড্ৰাগছ বিৰোধী অভিযান, মঠ-মন্দিৰ ভূমি বেদখল মুক্ত, গো-হত্যা বন্ধ বাবে লোৱা পদক্ষেপ প্ৰশংসনীয়- কুর্মীয়ে কয়।
মুখ্যমন্ত্ৰীগৰাকীৰ কাম কৰা আগ্ৰহ, যুৱ চামক দিয়া গুৰুত্বত আকৰ্ষিত হৈ সোমবাৰে লখিমপুৰত বিজেপি দলত যোগদান কৰিব কুর্মীয়ে। দুই বিধায়কে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰা বাবে সাজু হোৱা বুলিও তেওঁ কয়।
কুর্মীয়ে কংগ্ৰেছ দলটোক এজোপা বৰগছ বুলি উল্লেখ কৰি কয়- বৰ গছজোপা ডালবোৰ শুকাইছে, পাতবোৰ সৰিছে। কিন্তু বৰগছ জোপা থাকিব’।













