![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
যোৱা শুকুৰবাৰ পৰা মেৰামতিৰ বাবে যাতায়ত বন্ধ থকা পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰা নিৰ্দেশ কামৰূপ জিলা প্ৰশাসনৰ। ১০ দিনত মেৰামতিৰ কাম শেষ কৰাৰ নিৰ্দেশ উপায়ুক্তৰ। দৈনিক ১০ শতাংশকৈ মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা জাৰি উপায়ুক্তৰ। দলঙৰ মেৰামতিৰ কাম লেহেমীয়া গতিত চলাৰ গুৰুত্ব অভিযোগৰ উঠাৰ পিছতে এই নিৰ্দেশনা প্ৰশাসনৰ।
১১ জুনৰ পৰা মেৰামতি বাবে যাতায়ত বন্ধ ৰখা হৈছে। ফলত শৰাইঘাটৰ নতুন দলঙত দৈনিক তীব্ৰ যান-জঁট সমস্যা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।
গুৰুত্বপূৰ্ণ কথা যে তিনিমাহৰ বাবে দলখন যাতায়ত বন্ধ ৰখাৰ হৈছিল যদিও যান-জঁট সমস্যা সমাধানৰ বাবে ১০ দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ। প্ৰয়োজনত জিলা প্ৰশাসনে সহায় কৰিব বুলিও নিৰ্দেশনাত উল্লেখ আছে।













