স্বাস্থ্য প্ৰতিবেদন:
মেথি গুটিয়ে বিভিন্ন ৰোগ নিৰাময়ত সহায় কৰে। মেথিয়ে হজম সঠিক ৰখাৰ লগতে বহু ৰোগতো কাম কৰে। পিছে গজালি ওলোৱা মেথি গুটি খোৱাৰ উপকাৰিতাও বহুত।
গজালি ওলোৱা মেথি গুটি খালে আমাৰ দেহৰ অভ্যন্তৰত ফটো কেমিকেল নামৰ এটি উপাদান বৃদ্ধি পায় যি অতি উপকাৰী। অঙ্কুৰিত মেথিয়ে ডায়েবেটিক ৰোগীসকলৰ ছুগাৰ নিয়ন্ত্রণ কৰে। ই স্থূলত্ব, হৃদৰোগ, ৰক্তচাপ আৰু থাইৰয়েডৰ দৰে ৰোগৰ পৰা মুক্তি পোৱাত সহায় কৰে।
কেনেদৰে মেথিৰ গুটিৰ গজালি মেলাব :
১. প্রথমে মেথি গুটি অতি কমেও ৪-৫ বাৰ পানীত ধুই লওক। ঘনে ঘনে ধুলে ইয়াৰ গোন্ধ কমাই ইয়াক পৰিষ্কাৰ কৰি তুলিব।
২. ধোৱাৰ পিছত এই গুটি এক ৰাতিৰ বাবে তিয়াই ৰাখক।
৩. পিছদিনা পুৱা পানীখিনি পেলাই পুনৰ ধুই লওক আৰু কপাহী কাপোৰেৰে বান্ধি ওলোমাই থওক।
৪. পিছদিনা কাপোৰখন খুলি পুনৰ এবং গুটি কেইটা ভালদৰে ধুই লওক। ইয়াৰ পিছত আকৌ কাপোৰেৰে বান্ধি ৰাখক।
৫. এই প্রক্রিয়াটি পাঁচ দিনৰ বাবে পুনৰাবৃত্তি কৰক। পাঁচ দিনৰ গুটি সম্পূৰ্ণভাবে অঙ্কুৰিত হ’ব।
গজালি ওলোৱা মেথি খোৱাৰ উপকাৰিতা :
বতৰ পৰিবর্তনৰ কাৰণে বা বাহিৰৰ খাদ্য খোৱাৰ কাৰণে অসুস্থ হ’লে গজালি ওলোৱা মেথি উপকাৰী। ইয়াত এন্টি অক্সিডেন্ট আছে যিয়ে প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।
মেথিৰ অঙ্কুৰবোৰ মাজতে নৰম হৈ যায় যাক হজম কৰা খুব সহজ। ই ৰক্তত গ্লুকোজৰ গতি কমাই দিয়ে, যাৰ কাৰণে ৰক্তত গ্লুকোজৰ মাত্রা হঠাৎ বাঢ়ি নাযায়।
অঙ্কুৰিত মেথি গুটিয়ে শৰীৰৰ বাবে প্রয়োজনীয় পুষ্টিগুণক বৃদ্ধি কৰে।