এইবাৰ গণৰাজ্য দিৱস উপলক্ষে ঘোষিত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰ বঁটাৰ (PM Rashtriya Bal Purskar) বাবে নিৰ্বাচিত হৈছে গুৱাহাটীৰ এগৰাকী ১৬ বছৰীয়া ছাত্ৰ। অহা ২২ জানুৱাৰীত নতুন দিল্লীত তেওঁক এই বঁটাৰে সন্মানিত কৰা হ’ব। প্ৰাপ্ত তথ্য অনুসৰি, স্বয়ম মজুমদাৰ নামৰ ছাত্ৰজন এজন পেছাদাৰী সাপ উদ্ধাৰকাৰী আৰু বন্যপ্ৰাণী সংৰক্ষক। তেওঁ এজন পথৰ কুকুৰ উদ্ধাৰকাৰীও।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁ সাত বছৰ বয়সৰ পৰাই জীৱ-জন্তু উদ্ধাৰৰ দৰে সমাজ সেৱামূলক কাম আৰম্ভ কৰে। তেওঁ সাপ উদ্ধাৰৰ প্ৰশিক্ষক সৌৰভ কান্ত মিশ্ৰৰ পৰা প্ৰেৰণা লাভ কৰিছে।
২২ জানুৱাৰীত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এইবাৰ ১৯ গৰাকী ব্যতিক্ৰমী শিশুক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব।
ইয়াত সন্নিবিষ্ট বিভাগসমূহ হৈছে কলা আৰু সংস্কৃতি (৭ গৰাকী), সাহসিকতা (এগৰাকী), উদ্ভাৱন (এগৰাকী), বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যতিক্ৰমী সাফল্য (এগৰাকী), সমাজ সেৱা (৪ গৰাকী) আৰু ক্ৰীড়া (৫ গৰাকী)। দেশৰ সকলো অঞ্চলৰ পৰা নিৰ্বাচিত এই ১৯ গৰাকী শিশুক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৪ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। আনহাতে, বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে ৯ গৰাকী ল’ৰা আৰু ১০ গৰাকী ছোৱালী।