![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কামৰ অগ্ৰগতি বুজ লয় । ২০২৩ চনৰ মাৰ্চৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ ওপৰত তৈয়াৰী দলঙখন সময় মতে সম্পূণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে ৩৭ শতাংশ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি বিভাগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীক।
লোকনিৰ্মাণ বিভাগৰ গুৱাহাটী ফটাশিল আমবাৰীস্থিত মুখ্য অভিযন্তা কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ ওপৰত পলাশবাৰী-শুৱালকুচি সংযোগী প্ৰস্তাৱিত দলঙৰ প্ৰাৰম্ভিক কাম-কাজৰ পৰ্যালোচনাৰ লগতে অসম মালাৰ অধীনত নিৰ্মাণ হৈ থকা বিভিন্ন পথ প্ৰকল্প অগ্ৰগতি বিতং বুজ লয়।
বৈঠকখনত লখিমপুৰ ঘূণাসুঁতি আৰু পাগলাদিয়া নৈ ওপৰত কুমাৰীকাটা জালাহ সংযোগী দলং দুখনৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন শীঘ্ৰে বিভাগক প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে। পৰ্যায়লোচনা বৈঠকত লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব উপস্থিত থাকে।













