ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰৰ চেন্টাৰ পৰা দুজন আচামী পলায়ন কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে নিশা চেন্টাৰটোৰ খিৰিকী ভাঙি পলায়ন আচামীদ্বয় ৷ পলায়ন কৰা দুই আচামী ক্ৰমেঃ বৰলংকি টিমুং আৰু জন ইংতি বুলি জানিব পৰা গৈছে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত ভুৱা উগ্ৰপন্থী হৈ ধন দাবী কৰাৰ অপৰাধত বিগত ২৮ মে’ত দুয়োকে হামৰেণ আৰক্ষীয়ে উমৰাছ’ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বুলি জানিব পৰা গৈছে ৷ গ্ৰেপ্তাৰৰ পাচতেই ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে দুইয়োকে টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰাই ক’ৰণাত চিকিৎসা কৰোৱা হৈছিল৷