ASSAM TIMES POST
গুৱাহাটীঃ সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে শনিবাৰে পুনৰ সৰৱ হৈ পৰে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক শিলাদিত্য দেব।
গুৱাহাটীত দেবে সংবাদ মাধ্যমত কয় যে আছুৱে অসমত উন্নয়নমূলক কাম হোৱাটো নিবিচাৰে।
কংগ্ৰেছৰে আছুৰ গোপন মিতিৰালি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি আছুৱে আধাৰ হ’বলৈ কিয় নিদিয়ে বুলি প্ৰশ্ন কৰে।
প্ৰকাশিত এনআৰচিখনক দেবে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (এনপিআৰ) বুলিহে নামকৰণ কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে অসমত পুনৰ ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ এনআৰচি প্ৰস্তুত হ’ব লাগে।