![]()
গুৱহাটী : গুৱাহাটীস্থিত চানমাৰীৰ মেডিশ্বে’ড স্বাস্থ্যকেন্দ্ৰই World No Tobacco day-ৰ লগত সামঞ্জস্য ৰাখি “ধঁপাতমূক্ত সপ্তাহ” পালন কৰিছে। “ধঁপাতমুক্ত সপ্তাহ”ৰ আগত ৰাখি এক সজাগতা অভিযান আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে স্থানীয় এলেকাত সজাগতা বৃদ্ধি কৰা, একপ্ৰকাৰৰ উদ্বেগ জনক তথা গুৰুতৰ স্বাস্থ্য সমস্যা প্ৰতিৰোধৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰা।
কাৰ্যসূচীত অন্তৰ্ভুক্ত আছে কৰ্মচাৰীসকলৰ মাজত তথা স্থানীয় আৰু দুৰণিবটীয়া অঞ্চলৰ জনসাধাৰণৰ মাজত ধপাত সেৱনৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে আৰু ধপাত সজাগতা নোহোৱাৰ বাবে স্ৰৃষ্টি হোৱা সমস্যা আৰু তাৰ নিবাৰণ, পৰিয়ালৰ সুৰক্ষাৰ বাবে ধঁপাতৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়োজনীয়তা আদি বিভিন্ন বিষয়ত বিভিন্ন প্ৰচাৰ মাধ্যমৰ সহায়ত সজাগতা বৃদ্ধি কৰা।












