![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসমত ভেকচিনৰ নাটনি নহ’ব বাবে ভাৰত চৰকাৰৰ লগত যোগাযোগ চলি আছে। ২ লাখ ৬ হাজাৰ ভেকচিন শুকুৰবাৰলৈকে আছিল। শনিবাৰে পুনৰ দুইলাখ ভেকচিন ভাৰত চৰকাৰৰ পৰা লাভ কৰিছোঁ-গুৱাহাটী মেডিকেল কলেজ হাস্পতাত এই কথা প্ৰকাশ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ২৭- ২৮ এপ্ৰিলৰ ভিতৰত আৰু ৩ লাখ ভেকচিন ভাৰত চৰকাৰ পৰা লাভ কৰিম বুলিও আশা প্ৰকাশ কৰি তেওঁ কয় অসমত ২মে’ৰ পৰ্যন্ত ভেকচিন নাটনি নহয়।
অসমত ৮টা মিনি অক্সিজেন প্লাণ্ট ইতিমধ্যে চলি আছে। তাৰ লগত আৰু ১০-১৫টা অক্সিজেন প্লাণ্ট নিৰ্মাণ কৰা বাবে পি.ডব্লিউ.ডি বিভাগৰ সৈতে আলোচনা কৰা হৈছে।
সৰুসজাই কভিড কেয়াৰ চেণ্টাৰ হৈ যোৱাৰ লগে লগে ৰোগীসকলে যাতে ভালকৈ খোৱা-বোৱা কৰিব পাৰে তাৰ বাবে প্ৰতিগৰাকী ৰোগী বিপৰীতে ৩০০টকাকৈ দিনে দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ। জিলা উপায়ুক্তসকলে ৩০০টকাৰে খোৱা-বোৱা ব্যৱস্থা কৰিব লাগিব। প্ৰতিটো কভিড কেয়াৰ চেণ্টাৰৰ সন্মুখত এখন কেণ্টিন থাকিব। প্ৰয়োজন অনুসৰি কোনোবাই অতিৰিক্ত বস্তু কিনিব খুজিলে কিনিব পাৰিব- মন্ত্ৰীগৰাকীয়ে লগতে কয়।
হোম কোৱাৰেণ্টাই গাঁৱত কৰা বাবে গাওঁবুঢ়া, পঞ্চায়ত, যুৱ সংঘকলৈ কমিটি কৰা হ’ব। কমিটিখনে গাঁৱে-গাঁৱে হোম কোৱাৰেণ্টাই প্ৰয়োগ কৰিব। আগন্তক তিনিদিনৰ ভিতৰত জিলা উপায়ুক্তই প্ৰতিখন গাঁও সামৰি কমিটিখন গঠন কৰিব। উক্ত কমিটীখনে গাঁৱসমূহত ৭ দিনৰ কোৱাৰেণ্টাই প্ৰয়োগ কৰিব- শৰ্মাই লগতে কয়।












