![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ মেধাৱীছাত্ৰী আত্মহত্যা। ছাত্ৰী নিৰ্বাসৰ চিলিং ফেনত চিপ লৈ আত্মহত্যা সাবিত্ৰী বৰ্মন নামৰ মেধাৱী ছাত্ৰীগৰাকী। সন্দিকৈ মহাবিদ্যালয় নিৰ্মলপ্ৰভা বৰদলৈ ছাত্ৰীনিৰ্বাসত সংঘটিত হয় এই আত্মহত্যা ঘটনা। ছাত্ৰীনিৰ্বাসটোৰ আৰএন- ৩১নম্বৰ কক্ষত সংঘটিত ঘটনাটো।
ছাত্ৰীগৰাকীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ কম্পিউটাৰ চাইন্স (বিচিএ)ৰ পঞ্চম ষাণ্মাসিকৰ।
উল্লেখ যে মৃত সাবিত্ৰী ঘৰ ধেমাজি চিলাপথাৰত। পিতৃ নাম ডিন ৰায়। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১.৪৫ বজাত চুইছাইড নোটলিখি আত্মহত্যা কৰা বুলি আৰক্ষীয়ে জানিব দিয়ে। আৰক্ষীয়ে হোষ্টেলৰ কোঠাপৰা উদ্ধাৰ কৰিছে চুইছাইড নোট।
গুৰুত্বপূৰ্ণ কথা যে, ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা সময়ত ভিতৰৰ পৰা কোঠা দুৱাৰ বন্ধ কৰি লৈছিল । পিছত অন্য ছাত্ৰীয়ে খিৰিকীয়ে কোঠাত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত কাষতে থকা লতাশিল আৰক্ষীয়ে হোষ্টেলত উপস্থিত হৈ হোষ্টেলৰ দুৱাৰ ভাঙি ওলমি থকা অৱস্থাত উদ্ধাৰ কৰি মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰিছিল, কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পাছত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ মৰুণোত্তৰ পৰীক্ষাৰ কৰা বাবে প্ৰেৰণ কৰে।
ইফালে, চুইছাইড নোটত মৃত ছাত্ৰীগৰাকীয়ে “মৃত্যু বাবে মই নিজে দায়ী। মোৰ মৃত্যু বাবে কোনো তদন্ত চলাব নালাগে’ বুলি লিখি থৈ যোৱা বুলি আৰক্ষীৰ সূত্ৰই জানিব দিয়ে।













