![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দেওবাৰে দিছপুৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধন বর্মনক সোমবাৰে গুৱাহাটীৰ বিভিন্ন স্থানত অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হয়। দিছপুৰ জনতা ভৱনত ৰাজ্য মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ ৰাজ্য প্ৰশাসনে।
জনতা ভৱনত বৰ্মনৰ নশ্বৰদেহত অন্তিম শ্ৰদ্ধাজনোৱা পাছত পুষ্প সজ্জিত বাহনত নশ্বৰদেহ লৈ অহা হয় গুৱাহাটী ভঙাগড়স্থিত ৰাজীৱ ভৱনলৈ। তাতে দলৰ সতীৰ্থসকলে শেষ বিদায় জনাই।
ৰাজীৱ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা পাছতে বৰ্মনৰ নশ্বৰদেহ নলবাৰী বাসগৃহলৈ নিয়া হয়। তাত শ্ৰদ্ধাঞ্জলি জনোৱা পাছত নলবাৰী বিভিন্ন স্থানলৈ নিয়া হ’ব নশ্বৰদেহ।
ইফালে মঙলবাৰে ৰাজ্যিক মৰ্যদাৰে নলবাৰী বেলশৰত শেষকৃত সম্পন্ন হ’বলগা বৰ্মনৰ নশ্বৰদেহ সোমবাৰৰ ৰাতিটো ৰখা হ’ব বেলশৰৰ বাসগৃহত।













