![]()
বিগত বছৰবোৰৰ দৰে এইবাৰো অহা ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ পূব গুৱাহাটী বিহু সন্মিলনে চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ৰঙালী বিহুৰ উদযাপনৰ কাৰ্যসূচী। চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’বলগা ৰঙালি বিহুৰ কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে থাকিব অসম বিহুৱতী, শ্ৰেষ্ঠ বিহু ঢুলীয়া আৰু শ্ৰেষ্ঠ পেঁপাবাদনৰ প্ৰতিযোগিতা।
লগতে থাকিব পুৰুষৰ মাৰাথন দৌৰ, পুৰুষৰ চাইকেল মাৰাথন প্ৰতিযোগিতা, মহিলাৰ বিভিন্ন প্ৰতিযোগিতা, জেং বিহু প্ৰতিয়োগিতা ইত্যাদি।
উক্ত অনুষ্ঠানত জাতি-ধৰ্ম, ভাষা-সংস্কৃতি নিৰ্বিশেষে সকলো ৰাইজক একতাৰ সংকল্প ল’বলৈ, লগতে সহায়-সহযোগিতা আগবঢ়াবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে।













