- বটদ্ৰৱা বৰহিছাৰ পঞ্চায়ত প্ৰতিনিধি সহ ২৩ জনকৈ লোকৰ নাম বাদ পৰিল
ASSAM TIMES POST
নগাঁওঃ মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নতকৰণৰ কৰি অসম আৰু অসমীয়া জাতিৰ ৰক্ষা কৱচ বুলি আখ্যা দিয়া এন আৰ চি কালি প্ৰকাশ হোৱাৰ পাছতেই সৰ্বস্তৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।অন্য স্থানৰ কথাটো বাদেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাওঁ জিলাৰ বটদ্ৰৱাৰ খিলঞ্জীয়া অসমীয়া জাতিসত্বাৰ লগত বিলিন হৈ অসমীয়া ভাষা কৃষ্টিক আকোৱালি লৈ যুগ যুগান্তৰ ধৰি বটদ্ৰৱাত বসবাস কৰি থকা এটি পৰিয়ালৰ নাম প্ৰকাশিত নহল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বটদ্ৰৱাত ।
স্বাধীনোত্তৰ কালৰ পৰা বটদ্ৰৱা বৰহিছা গাঁৱত বসবাস কৰি অহা পঞ্চাশ দশকৰ ডাক বিভাগৰ কৰ্মচাৰী প্ৰয়াত সুৱল চন্দ্ৰ কৰৰ পৰিয়ালৰ দীপক কৰ, বিপুল কৰ, নিপুল কৰ, দীপাংকৰ কৰ, তনুশ্ৰী কৰ, পাৰ্থ কৰ আৰু মনিকা কৰৰ নাম এন আৰ চিৰ তালিকাত অন্তভুর্ক্ত নোহোৱাৰ বাবেই পৰিয়ালটো মানসিক ভাবে ভাগি পৰিছে ।
ইফালে ইয়াৰে বিপুল কৰ বটদ্ৰৱা বৰহিছা গাঁৱৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ। উল্লেখ্য যে, ১৯৬৩ চনৰ জীৱন বীমাৰ নথি পত্ৰ, ১৯৬৪ চনতে ধিং ৰাজহ চক্ৰ বিষয়াই প্ৰদান কৰা মাটিৰ দলিল, ১৯৭/৬৮ চনৰ মাটিৰ জমাবন্দি নথি, ১৯৫৬ চনৰ ডাক বিভাগৰ বদলিকৰন পত্ৰ আদি কৰি বিভিন্ন প্ৰয়োজনীয় নথি পত্ৰ জমা দিয়াৰ পাছতো চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে পৰিয়ালটোয়ে ক্ষোভ প্ৰকাশ কৰিছে। আনহাতে বটদ্ৰৱা বৰহিছাৰ প্ৰয়াত যামিনী চৰকাৰৰ কন্যা দিপ্তী বিশ্বাসকে আদি কৰি সৰ্বমুঠ ২৩ জন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হোৱা নাই চুড়ান্ত খচৰাত ।












