![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মঙলবাৰে বিয়লি সদাব্যস্ত বশিষ্ট চাৰিআলি ৰাজপথত তিনিখন বাহনৰ মাজত ভয়ংকৰ দুৰ্ঘটনা। মাছ কঢ়িওৱা ডি আই, ট্ৰাক আৰু এলপিজি নিয়া টেংকাৰৰ মাজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাতো।
বিয়লি ৩.৩০ বজাত এএছ ০২ বিচি ২৫৭২ নম্বৰ ডিআই বাহনখনে এখন ট্ৰাকৰ পাছৰ ফালে খুন্দা মৰাত ডিআই চালকগৰাকী গুৰুত্বভাৱে আঘাত প্ৰাপ্ত হয়। মাছ ভৰ্তি ডিআই বাহনখনৰ পৰা ৰাজ পথতে সিঁচৰতি হৈ পৰি ৰয় মাছ।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱা পাছতে একাংশই ৰাজ পথত পৰি থকা মাছসমূহ বুটলি লৈ যায়।













