ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ২০২১ চনৰ অসম বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা নিৰ্বাচনী আচৰণ বিধি লাগু হোৱাৰ প্ৰথম দিনটোৰ পৰাই জিলা উপায়ুক্ত কাৰ্যালয় ডিফুই ২৬ টা নিৰ্বাচনী কোষৰ জৰিয়তে কাম-কাজ অব্যাহত ৰাখিছে ৷
মাহজোৰা পৰিশ্ৰমৰ পিছত সকলো নিৰ্বাচনী কাম-কাজ সু গতি লাভ কৰাৰ লগতে বৰ্তমান সমগ্ৰ অসমৰ অনান্য প্ৰান্তৰ লগতে কাৰবি আংলং জিলাতো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈ পৰিছে ৷ সোমবাৰে ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই জিলা খনত নিকা আৰু নিৰাপদ নিৰ্বাচন চলাবলৈ আহ্বান জনায় ৷
নিৰ্বাচনী বিষয়া জিণ্টু বৰাৰ উপস্থিতিত উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে বিস্তৃত বাখ্যা আগবঢ়াই কয়যে, ১৮ নং হাওৰাঘাট আৰু ১৯ নং ডিফু (জনজাতীয়)বিধান সভা সমষ্টিৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ে ২৩০৮ গৰাকী প’লিং আৰু প্ৰিজাইডিং বিষয়াক বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দি তেওলোকক ৫০০ ভোট কেন্দ্ৰত নিযুক্ত কৰা হৈছে ৷
৩০ মাৰ্চত ১৭৬ গৰাকী প’লিং আৰু প্ৰিজাইডিং বিষয়াই দূৰ্গম আৰু পাহাৰৰ ভিতৰুৱা অঞ্চলৰ ৪৪ টা ভোট কেন্দ্ৰত যাবলৈ আৰম্ভ কৰিছে ৷৩১ মাৰ্চত বাকী থকা ৭৫ টা অক্সিলিয়াৰী ভোটকেন্দ্ৰ সহ ৪৫৬ টা ভোট কেন্দ্ৰৰ বাবে প’লিং বিষয়া সকলে যাত্ৰা কৰিব ৷ ২৪০৮ গৰাকী প’লিং আৰু প্ৰিজাইডিং বিষয়াই ১৮ নং হাওৰাঘাট বিধান সভা সমষ্টিত ১৩২৩৩৯ গৰাকী ভোটাৰ আৰু ১৯ নং ডিফু বিধান সভা সমষ্টিত১৯৯৯৮৩ গৰাকী ভোটাৰক সামৰি লব ৷
নিৰাপত্তাৰ বাবে আৰক্ষীৰ লোকো প’লিং আৰু প্ৰিজাইডিং বিষয়াৰ সৈতে যাত্ৰা কৰিব৷ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত পৰিবহন কোষৰ ভূমিকা শলাগ লবলগীয়া যিহেতু নিৰ্বাচনৰ বাবে পৰ্যাপ্ত পৰিমানৰ বাহন সাজু কৰি থোৱা আছে ৷
একেদৰে নিৰ্বাচনী আচৰণ বিধিৰ ফ্লায়্ং স্কট আৰু ষ্টেটিষ্টিক স্কটত হাওৰাঘাট আৰু ডিফুৰ বাবে ৯ টাকৈ স্কট নিযুক্ত কৰা হৈছে লগতে তেওঁলোকৰ নিয়মীয়া তালাচীত জিলাখনত ২২,৮৫,০৩৪ লাখ টকা জব্দ কৰা হৈছে ৷ ইয়াৰোপৰি অবৈধ ড্ৰাগছ আৰু সুৰাও জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷