নিউজ ডেস্কঃ
জিৰ’ ছবিৰ তিনি বছৰ পিছত পুনৰ ডাঙৰ পর্দালৈ উভতিছে বলিউডৰ কিং খান শ্বাহৰুখ। ‘জিৰ’’ ছবিৰ পিছত দীৰ্ঘ বিৰতি লৈছিল বলিউড বাদশ্বাহে। প্রায় ১২০খনৰো ওপৰত স্ক্রিপ্ট পঢ়ি শেষ কৰি সন্মতি দিলে সিদ্ধার্থ আনন্দৰ ‘পাঠান’ ছবিত। শ্বুটিঙো শেষ কৰিছে ছবিখনৰ প্রায় অর্ধেকৰো বেছি। সম্প্রতি জানিব পৰা মতে ‘ৱায়াৰ’খ্যাত পৰিচালকগৰাকীৰ ছবিত ৰেকর্ড পৰিমাণৰ পাৰিশ্রমিক লৈ প্রত্যাবর্তন কৰিছে শ্বাহৰুখে।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, ‘পাঠান’ ছবিৰ বাবে শ্বাহৰুখ খানে ১০০ কোটি টকা পাৰিশ্রমিক লৈছে। ইয়াৰ জৰিয়তে ভাৰতৰ সকলোতকৈ বেছি পাৰিশ্রমিকপ্রাপ্ত অভিনেতাসকলৰ তালিকাৰ শীর্ষত নাম লিপিবদ্ধ কৰিছে কিং খানে।
নতুন খবৰটো হ’ল ছবিখনৰ মুক্তিৰ পিছত বক্স অফিচৰ লভ্যাংশৰ পৰা কোনো ধৰণৰ ধন নলয় শ্বাহৰুখে। উল্লেখ্য, ‘পাঠান’ ছবিত শ্বাহৰুখৰ বিপৰীতে অভিনয় কৰিছে দীপিকা পাডুকনে। খলনায়কৰ চৰিত্রত অভিনয় কৰিছে বলিউডৰ জনপ্রিয় অভিনেতা জন আব্রাহামে। আনহাতে, অতিথি অভিনেতা হিচাবে অভিনয় কৰিছে বলিউডৰ ভাইজান খ্যাত ছলমান খানে।