ASSAM TIMES POST
গুৱাহাটীঃ অসমত উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। শনিবাৰে এনআৰচিখন প্ৰকাশৰ ক্ষন্তেক পিছতে গুৱাহাটীৰ উজানবজাৰস্থিত আছুৰ সদৰত এখন সংবাদমেলত এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়াটোক ত্ৰুটিপূৰ্ণ আখ্যা দিয়ে সংগঠনটোৰ নেতৃত্বই।
আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ইয়াত কয় যে নাগৰিক পঞ্জীৰপৰা কৰ্তন হোৱা সংখ্যাটো চৰকাৰে বিভিন্ন সময়ত প্ৰকাশ কৰা অবৈধ বাংলাদেশীৰ সংখ্যাৰ কাষ নাচাপিল।
উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ ক’ৰবাত ত্ৰুটি ৰৈ গ’ল। আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ইয়াৰ সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা ঘোষণা কৰে। ইফালে আছুৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰে।
উল্লেখ্য এনআৰচিত মাত্ৰ ১৯,০৬,৬৫৭ জন লোকৰ নামহে সন্নিৱিষ্ট নোহোৱাকৈ থাকে।












