![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গুৱাহাটীত ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ। দিছপুৰ আৰক্ষীয়ে বিশেষ সূত্ৰ খবৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে এগৰাকী ভুৱা ডিএছপিক।
প্ৰাপ্ত খবৰৰ অনুসৰি গুৱাহাটী জটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ভুৱা বিষয়াগৰাকীক। এটা এপাৰ্টমেণ্টৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভুৱা আৰক্ষী বিষয়া গৰাকী কবিতা শৰ্মা। কবিতা ঘৰ নলবাৰীত। ইফালে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।













